Wednesday, February 1, 2012

Press Meet on 8th Feb. 2012


Press  Release
Regional Art, Performance and Events, 2012
 Eventful fortnight in Guwahati: newer waves in art, practice and dialogue


Regional Art, Performance and Events (RAPE), 2012 proudly announces a fortnight of art and dialogue opening up a window to the North Easts of India. This is actually a series of events comprised of public art, performances, seminars, group discussions, film screenings, artists’ presentations, workshops and so on to be held from 10th Feb. 2012 to 22nd Feb. 2012 in various public places in Guwahati.
To develop a better atmosphere of collaboration, artistic engagement and Dialogue with and in the mostly unspoken and untouched Indian states of North East Kankhowa and Black Rice collaborate with the local art practitioners groups, associations, societies and guilds in Guwahati. This year, in the month of February we present a string of public art events, panel discussions, workshops, launches and presentations.  For the first time in the North East, institutions and practicing groups across various disciplines (art, literature, media entertainment, academics broadcast and publication) are coming onto one platform developing dialogues and building bridges, at the same time aiming to open up a public based dialogue about art in the North East.
”Regional Art, Performance and Events, 2012” is a volunteering project initiated and undertaken by
Kankhowa and BlackRice along some collaborating artists and scholars from the state and outside with a futuristic vision of creating a wider art-practicing environment in Assam and the North Easts and also to promote the arts and artists to the national and international platforms.
Writer, artist and performer Samudra Kajal Saikia who stays in New Delhi and works in the multidisciplinary creative and critical fields initiates this entire series of events and asks people from various fields for their support and active participation. This series of events will invoke newer experimentations in contemporary art practices in North Easts. This initiation will generate a mode of collaboration amongst various artists and groups and institutions including Govt. College of Arts and Crafts, Guwahati, Guwahati Artists’ Guild, Assam Fine Arts and Crafts Society, Srimanta Sankardeva Kalakshetra, All Assam Visual Artists’ Association and so on.
Amit Mukhopadhyay, eminent art curator and editor of Lalit Kala Contemporary, was trying to work with North East for long. He is also showing his interest in this initiative. Rahul Bhattacharya another scholar, critic and the former editor of Delhi Based art journal “Art & Deal” is taking active participation in the process. Likewise, several eminent scholars and artists from various parts of the country are showing their interest in such an attempt and willingly coming down to Guwahati during the activities.

Among the events there will be more than ten public art, sound installations and interactive presentations in several public places in Guwahati. Second major event will be a three day session of gropup discussions, seminars and workshops regarding the changing paradigms of contemporary art in North Easts, the possibilities and the challenges. Kankhowa’s public art project on ‘Disposable House’, Hillhoppers’ short film festival, one collaborative theatrical presentation, these are the other major events in the series. Other than art writer Moushumi Kandali, artists like Dilip Tamuly, Kishor Kumar Das and many have been showing their supports to the initiative. The entire events will be documented and there will be an archival project of collecting documentations for the future. This initiation could be considered as a most efficient attempt to showcase the art and practice of North East to the world.

Programs at a glance:
10-20 February 2012
More than ten experimental art installations, public art events and performances in several public places in Guwahati by artists from North East and outside.
17-19 February 2012
“Changing Paradigms: Contemporary Art Practices in North Easts”, a parallel series of workshops, seminars and dialogues.
19 February 2012
Hillhopers short Film Festival by BlackRice, and
“Towards a new Horizon”, an exhibition of selected young artists from North Easts.
20-21 February 2012
“Disposable House” final execution of a Public art project by Kankhowa
22 February 2012
A theatrical performance in collaboration with artists from various disciplines.

Venues to take place the events:
Many public places in Bharalumukh, Paltan Bazar, Dighali Pukhuri, Guwahati Club, Chanmari, Nunmati, Nunmati, Rajgarh, Aoo-road Tiniali, Ganeshguri, Bashishtha etc.

Most frequent venues for the dialogues:
Guwahati Artists Guild and Govt. College of Art and Crafts, Guwahati. 

Samudra Kajal Saikia
Initiator
Regional Art, Performance and Events (RAPE), 2012

kankhowa@gmail.com, mobile: 09811375594







Press  Release
Regional Art, Performance and Events, 2012
 Eventful fortnight in Guwahati: newer waves in art, practice and dialogue
ঘটনাবহুল বাৰটা দিন - অসম আৰু  উত্তৰ পূর্বাঞ্চলৰ শিল্পৰ পথাৰত নতুন উন্মেষ 

পোনপ্রথমবাৰৰ বাবে গুৱাহাটীত “আঞ্চলিক কলা, পৰিবেশনা আৰু অনুষ্ঠান” (Regional Art, Performance and Events , R.A.P.E, 2012) শীৰোনামেৰে প্রায় বাৰ দিন জোৰা এলানি শিল্প চর্চা, ভাব বিনিময় তথা আলোচনাৰ পৰিবেশৰ আয়োজন কৰা হৈছে। এটি একান্তই ভৱিষ্যত মূখী প্রকল্প হিচাপে এই লানি ঘটনাই নতুন শিল্প চর্চাৰ বহুখিনি নতুন নতুন পৰীক্ষা নিৰীক্ষাক উৎসাহ যোগাব। নতুন দিল্লী নিবাসী অসমীয়া কবি, শিল্প কর্মী আৰু নাট্যকর্মী সমুদ্র কাজল শইকীয়াই এই সমগ্র প্রক্রিয়াটোত অসমৰ শিল্প চর্চাৰ ক্ষেত্রৰ সকলোবোৰ অনুষ্ঠান প্রতিষ্ঠান আৰু ব্যক্তি বিশেষৰ সহযোগিতা আহবান কৰিছে।  

বিগত কে’বাদশকো জুৰি গুৱাহাটীস্থিত ভালেকেইটা অনুষ্ঠান আৰু শিল্পীয়ে অনলস শিল্প সাধনাত ব্রতী হৈ আহিছে। এই সকলোখিনি অনুষ্ঠান আৰু ব্যক্তিৰ সুষম সমাবেশত এটা শিল্পচর্চাৰ সামগ্রিক পৰিবেশ সৃষ্টি কৰাটোৱেই এই উদ্যোগৰ প্রথম উদ্দেশ্য। এই বৃহত্তৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা এই অনুষ্ঠানসূচীত গুৱাহাটী আর্টিষ্ট গীল্ড, চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়, আর্টছ এণ্ড ক্রাফট চ’চাইটী, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র, অল আচাম ভিজ্যুৱেল আর্টিষ্টছ এচ’চিয়েচন আদি সকলোবোৰ অনুষ্ঠানৰে সহযোগ থাকিব বুলি আশা কৰা হৈছে। চলিত বর্ষতে ৰূপালী জয়ন্তী উদযাপন কৰা বিশ্বনাথ চাৰিলিৰ “সদৌ অসম সূর্য বৰা সোঁৱৰণি একাঙ্ক নাট প্রতিযোগিতা সমিতি” সমন্বিতে নাট্যানুষ্ঠান সমূহৰ সহযোগিতায়ো এই সমগ্র পৰিকল্পনাক এক অন্য মাত্রা প্রদান কৰিব।  

কাণখোৱা আৰু ব্লেক ৰাইচ নামৰ দুটি অনানুষ্ঠানিক উদ্যোগে এই পৰিকল্পনাৰ আৰম্ভণি কৰে। “কাণখোৱা”, সমুদ্র কাজল শইকীয়াৰ উদ্যোগত দেশৰ বিভিন্ন অঞ্চলৰ ব্যক্তিৰ সহযোগত ভিন্নমাত্রিক ক্ষেত্রত কাম কৰি অহা  এটি অনানুষ্ঠানিক নাম।উল্লেখযোগ্য যে এসময়ৰ ললিত কলা একাডেমি, ভূৱনেশ্বৰৰ সম্পাদক, তথা শিল্প চর্চাৰ এজন অন্যতম অগ্রণী ব্যক্তি অমিত মুখোপাধ্যায় ডাঙৰীয়ায়ো বহুকাল ধৰি উত্তৰ পূর্বাঞ্চলৰ সমস্যা জর্জৰিত এলেকা সমূহক কেন্দ্র কৰি কিছু কামৰ পৰিকল্পনা কৰি আহিছে। সম্প্রতি এই উদ্যোগটোত মুখোপাধ্যায় ডাঙৰীয়ায়ো আগ্রপ্রকাশ কৰিছে আৰু ইয়াৰ বহুখিনি ভবিষ্যত সম্ভাৱনা দেখা পাইছে। ব্লেক ৰাইচ নামেৰে এটা উদ্যোগেৰে উত্তৰ পূর্বাঞ্চলৰ শিল্প চর্চাৰ তথ্য সংগ্রহৰ প্রতি আগ্রহী শিল্প সমালোচক, ‘আর্ট এণ্ড ডীল’ আলোচনীৰ ভূতপূর্ব সম্পাদক ৰাহুল ভট্টাচার্যয়ো অনুষ্ঠান পৰিকল্পনাত পূর্ণোদ্যমে হাত আগবঢ়াইছে।  

এই অনুষ্ঠানসূচীৰ ভিতৰত আছে ফেব্রুৱাৰী মাহৰ দহ তাৰিখৰ পৰা দহদিন জোৰা পাব্লিক আর্ট, পাৰফৰমেঞ্চ, উত্তৰ পূর্বাঞ্চলৰ বাচকবনিয়া নতুন শিল্পীৰ শিল্প প্রদর্শনী, ছুটি চলচ্ছিত্র মহোৎসৱ আৰু আর্টিষ্টছ প্রেজেন্টেচন। দ্বিতীয়তে এই কর্মৰাজিৰ লগতে ৰজিতা খুৱাই এলানি অন্তৰংগ আলাপ অনুষ্ঠান আছে য’ত সাম্প্রতিক শিল্পকর্ম সম্পর্কে আলোচনা কৰাৰ লগতে অসমত শিল্প চর্চাৰ সমস্যা আৰু সুবিধা সম্পর্কেও কথা বতৰা আগবাঢ়িব। শেষৰ ফালে কাণখোৱাৰ ক্ষণভঙ্গুৰ ঘৰ শীর্ষক এটি পাব্লিক আর্ট আৰু এটি নাটকীয় পৰিবেশনাৰ কথাও ভবা হৈছে।  

উল্লেখযোগ্য যে গুৱাহাটী তথা উত্তৰ পূর্বাঞ্চলৰ শিল্পৰ ক্ষেত্রখনৰ সৈতে ভাব বিনিময় কৰিবলৈ ইচ্ছুক ৰাষ্ট্রীয় তথা অন্তৰাষ্ট্রীয় পর্যায়ৰ এক বুজন সংখ্যক শিল্পী তথা লেখক সমালোচকেও এই অনুষ্ঠান-লানিত অংশগ্রহণ কৰিব। বহুকেইজন  নবীন প্রবীন শিল্পীৰ সমাবেশ ঘটিব বুলি আশা কৰা এই অনুষ্ঠানত অসমৰ ব্যস্ততম কলা সমালোচক মৌচুমি কন্দলীৰ উপৰিও শিল্পী দিলীপ তামুলী, কিশোৰ কুমাৰ দাসকে ধৰি কে’বাজনো শিল্পীৰ সহযোগ আছে। এই সমগ্র ঘটনালানিক নিৰবিচ্ছিন্ন ভাবে তথ্য সঙ্কলিত কৰি প্রকাশ কৰাৰ ব্যৱস্থা কৰা হৈছে। পৰৱর্তি কালতো দেশৰ বিভিন্ন প্রান্তত এই কর্মৰাজিক দেখুওৱাৰ উদ্যোগ লোৱা হ’ব। অসম তথা উত্তৰ পূর্বাঞ্চলৰ শিল্প চর্চাক ৰাষ্ট্রীয় আৰু অন্তৰাষ্ট্রীয় পর্যায়লৈ লৈ যাবৰ বাবে এয়া এক গুৰুত্ব পূর্ণ পদক্ষেপ হৈ উঠিব

সংক্ষিপ্ত কর্মসূচীঃ
১০-২০ ফেব্রুৱাৰী ২০১২
গুৱাহাটীৰ বিভিন্ন ৰাজহুৱা স্থানত ৰাজ্যিক আৰু ৰাষ্ট্রীয় পর্যায়ৰ শিল্পীৰ দ্বাৰা দহটাতকৈ অধিক পৰীক্ষামূলক শিল্প প্রতিস্থাপনা আৰু পাৰফৰমেঞ্চ।
১৭-১৯ ফেব্রুৱাৰী ২০১২
“পৰিবর্তিত আধাৰ: উত্তৰ পূর্বাঞ্চলৰ সাম্প্রতিক শিল্পচর্চা”, আলোচনা চক্র
১৯ ফেব্রুৱাৰী ২০১২
হিল্ হপার্ছ ছুটি ছবিৰ মহোতসব   
“নতুন দিগন্তৰ অভিমুখে”, বাচকবনিয়া নতুন শিল্পীৰ শিল্প প্রদর্শণী
২০-২১ ফেব্রুৱাৰী ২০১২
“কাণখোবাৰ ডিছপোজেবল ঘৰ” পাব্লিক আর্ট
২২ ফেব্রুৱাৰী ২০১২
বিভিন্ন ক্ষেত্রৰ কলাকুশলীৰ সন্মিলিত এক নাটকীয় পৰিবেশনা

কর্মসূচীৰ স্থানঃ
ভৰলুমুখ, পল্টন বজাৰ, দীঘলী পুখুৰী, গুৱাহাটী ক্লাব, চান্দমাৰী, নুনমাটি, ৰাজগড়, জুৰোড তিনিআলি, গণেশগুৰি, বশিষ্ঠ আদি বিভিন্ন ঠাইৰ ৰাজহুৱা ক্ষেত্র।
আলোচনা সভাৰ স্থানঃ
গুবাহাটী আর্টিষ্ট গীল্ড, গুৱাহাটী চাৰু কাৰু কলা মহাবিদ্যালয় আৰু শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র।



সমুদ্র কাজল শইকীয়া
উদ্যোক্তা, আঞ্চলিক  কলা, পৰিবেশনা আৰু অনুষ্ঠান
(Regional Art, Performance and Events , 2012)
নতুন দিল্লী, জানুৱাৰী ২০১২

kankhowa@gmail.com, mobile: 09811375594



1 comment:

  1. Wish if i could be there. all the very best wishes for the success.

    ReplyDelete